ভাৰতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় সুৰক্ষাৰ পৰা আৰম্ভ কৰি ক্ৰীড়া, বিজ্ঞান পৰীক্ষা আদি বিভিন্ন ক্ষেত্ৰত বিশ্বৰ বুকুত শক্তিশালী চাপ ৰাখিবলৈ সমৰ্থ হৈছে। আকাশবাণীযোগে প্ৰচাৰিত ১২৯ সংখ্যক মন কী বাত অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ বৰ্ষটোত আলোকপাত কৰি কয়, যে এই বছৰটোৱে প্ৰতিজন ভাৰতীয়কে গৌৰৱ কৰিব পৰাকৈ ভালেমান স্মৃতি দি গৈছে। অপাৰেচন সিন্দূৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ ক্ষণ বুলি প্ৰধানমন্ত্ৰীয়ে মত পোষণ কৰে। তেওঁ বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনত দেশবাসীৰ স্পৃহা আৰু উদ্যমৰ শলাগ লয়। ক্ৰীড়াৰ দিশতো ২০২৫ চনতো উল্লেখনীয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে ভাৰতীয় পুৰুষ ক্রিকেট দলৰ আই চি চি চেম্পিয়নছ ট্ৰফী দখল আৰু মহিলা ক্রিকেট দলৰ প্ৰথমবাৰৰ বাবে বিশ্বকাপ দখলে দেশবাসীক উৎসাহিত কৰে। তেওঁ লগতে মহিলাৰ দৃষ্টিহীন টি- ২০ বিশ্বকাপত ভাৰতীয় দলে খিতাপ দখলেৰে যি ইতিহাস ৰচিলে তাৰবাবে প্ৰতিগৰাকীয়ে খেলুৱৈক প্ৰশংসা
কৰে। বিজ্ঞান আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰতো চলিত বৰ্ষত ভাৰতে উল্লেখনীয় অগ্রগতি লাভ কৰিছে বুলি প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।
Site Admin | December 29, 2025 11:41 AM | air maan ki baat | Akashvani | Akashvani News | Maan ki Baat | narendra modi | PMO Modi
ক্ৰীড়া, বিজ্ঞান পৰীক্ষা আদি বিভিন্ন ক্ষেত্ৰত বিশ্বৰ বুকুত শক্তিশালী চাপ ৰাখিবলৈ ভাৰত সমৰ্থ হৈছে