কোৱাড সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আলবানেজক সাক্ষাৎ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱিলমিংটনত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ ষষ্ঠ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আলবানেজক সাক্ষাৎ কৰে । ২০২২ বৰ্ষৰ মে’ মাহৰ পাছত নৱমবাৰৰ বাবে প্রধানমন্ত্ৰী দুগৰাকী পুনৰ মিলিত হৈছে। দুয়োগৰাকী নেতাই ৰাজনৈতিক আৰু কৌশলগত, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু বিনিয়োগ, শিক্ষা আৰু গৱেষণা, জলবায়ু পৰিৱৰ্তন আৰু পুনৰ নৱীকৰণযোগ্য শক্তি তথা জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰৰ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰি তোলাৰ সন্দৰ্ভত আলোচনা কৰে। প্ৰধানমন্ত্ৰী দুগৰাকীয়ে লগতে আঞ্চলিক আৰু গোলকীয় উমৈহতীয়া বিষয় সমূহতো মত বিনিময় কৰে। উচ্চ পৰ্যায়ৰ সম্পৰ্কই ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ দ্বিপাক্ষিক সম্পর্কক এটা শক্তিশালী গতি প্ৰদান কৰিছে বুলি দুয়োগৰাকী নেতাই মত পোষণ কৰে। তেওঁলোকে বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে পুনৰ প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ লগতে ভাৰত-অষ্ট্ৰেলিয়া কৌশলগত অংশীদাৰিত্বক অধিক সূদৃঢ় কৰি তোলাৰ হ’কে বদ্ধপৰিকৰ বুলি দোহাৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।