September 22, 2024 8:25 PM

views 28

ৱাশ্বিংটনৰ ডেলাৱেৰত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ সন্মিলন আৰু কেইবাখনো উচ্চস্তৰীয় দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আমেৰিকা ভ্ৰমণৰ আজি প্ৰথম দিনা ৱাশ্বিংটনৰ ডেলাৱেৰত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ সন্মিলন আৰু কেইবাখনো উচ্চস্তৰীয় দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। কালি নিশা শ্রীমোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ' কিশ্বিডা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানেজৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে এই আলোচনাসমূহে প্রধানমন্ত্রী মোদীক বিশ্ব উন্নয়ন বিকাশ তথা শান্তি আৰু সুৰক্ষাৰ হকে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু ভাৱা...

September 22, 2024 6:38 PM

views 29

কোৱাড শীৰ্ষ সন্মিলনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গোলকীয় বিকাশ, শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী স্পষ্ট কৰাৰ  মঞ্চ প্ৰদান কৰিলেঃ বিদেশ সচিব বিক্রম মিশ্রি

বিদেশ সচিব বিক্রম মিশ্রিয়ে অলপতে অনুষ্ঠিত কোৱাড শীৰ্ষ সন্মিলন আৰু দ্বিপাক্ষিক বৈঠকসমূহৰ গুৰুত্বত আলোকপাত কৰি কয় যে, এই সন্মিলনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোলকীয় বিকাশ, শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী স্পষ্ট কৰাৰ এখন মঞ্চ প্ৰদান কৰিলে। নিউয়ৰ্কত আজি সংবাদ মাধ্যমৰ আগত বিদেশ সচিবগৰাকীয়ে কয় যে, প্রধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ মাজত পূর্বে সৰবৰাহ কৰা ২৯৭ টা প্ৰাচীন ভাৰতীয় সামগ্ৰী ঘূৰাই দিয়াৰ সন্দৰ্ভত আলোচনা কৰা হয়। শ্রীমিশ্রিয়ে উল্লেখ কৰে যে, প্রধানমন্ত...

September 22, 2024 6:32 PM

views 45

কোৱাড সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আলবানেজক সাক্ষাৎ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱিলমিংটনত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ ষষ্ঠ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আলবানেজক সাক্ষাৎ কৰে । ২০২২ বৰ্ষৰ মে' মাহৰ পাছত নৱমবাৰৰ বাবে প্রধানমন্ত্ৰী দুগৰাকী পুনৰ মিলিত হৈছে। দুয়োগৰাকী নেতাই ৰাজনৈতিক আৰু কৌশলগত, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু বিনিয়োগ, শিক্ষা আৰু গৱেষণা, জলবায়ু পৰিৱৰ্তন আৰু পুনৰ নৱীকৰণযোগ্য শক্তি তথা জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰৰ দ্বিপাক্ষিক সহযোগিতা শ...

September 22, 2024 11:07 AM

views 25

কোৱাড ৰাষ্ট্ৰগোষ্ঠী স্বতন্ত্র, মুক্ত আৰু সমৃদ্ধিশালী ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, কোৱাড ৰাষ্ট্ৰগোষ্ঠী স্বতন্ত্র, মুক্ত আৰু সমৃদ্ধিশালী ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেলাৱেৰত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি কয় যে, এই শীর্ষ সন্মিলন এনে এটা সময়ত অনুষ্ঠিত হৈছে যি সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘাত আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে বিৰাজ কৰিছে। এনে পৰিস্থিতিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীয়ে গণতান্ত্ৰিক প্ৰমূল্যক গুৰুত্ব দি মানৱতাৰ হকে একেলগে কাম কৰ...