পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ দোষী, সংগঠক আৰু বিত্তীয় সাহায্য দিয়া লোকসকলক অনতিপলমে ন্যায় ব্যৱস্থাৰ অধীনলৈ আনিবলৈ কোৱাড গোষ্ঠীৰ সদস্যসকলে আহ্বান জনাইছে আৰু ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহক ইয়াৰ বাবে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। ৱাশ্বিংটন ডিচিত অনুষ্ঠিত কোৱাড বিদেশ মন্ত্ৰীসকলৰ যুটীয়া বিবৃতিত জম্মু কাশ্মীৰৰ পেহেলগামত যোৱা ২২ এপ্ৰিলত সংঘটিত সন্ত্রাসবাদী আক্রমণক কঠোৰভাৱে গৰিহণা দিয়া হৈছে। তেওঁলোকে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি সকলোধৰণৰ আৰু ৰূপৰ সন্ত্রাসবাদক সৰ্বসন্মতভাৱে গৰিহণা দিয়ে। ইয়াৰ উপৰি আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱৰ অধীনত ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰক সক্রিয়ভাৱে সহযোগিতা কৰিবলৈ আহ্বান জনাই বিবৃতিটোত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কোৱাড গোষ্ঠীয়ে অর্থনৈতিক নিৰাপত্তা শক্তিশালী কৰাৰ বাবে Quad Critical Minerals Initiative আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত গুৰুত্বপূৰ্ণ খনিজ যোগান শৃংখলা সুৰক্ষিত আৰু বৈচিত্ৰপূৰ্ণ কৰাৰ বাবে অৰ্থনৈতিক সুৰক্ষা আৰু সামুহিক স্থিতিস্থাপকতা শক্তিশালী কৰা। কোৱাড নেতাসকলে মুম্বাইত Quad Ports of the Future Partnership মুকলি কৰাৰ পৰিকল্পনা কৰিছে। এই বৰ্ষত সামুহিক লজিষ্টিক শক্তিসমূহৰ লাভ অৰ্জন কৰিবলৈ প্ৰথম কোৱাড ভাৰত-প্রশান্ত মহাসাগৰীয় লজিষ্টিক নেটৱৰ্কৰ ক্ষেত্র প্রশিক্ষণ অনুশীলন আয়োজন কৰাৰ সিদ্ধান্ত কোৱাড গোষ্ঠীয়ে ঘোষণা কৰে। বিবৃতিটোত লগতে কোৱা হয় যে কোৱাড মুক্ত আৰু মুকলি ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল প্রতি দায়বদ্ধ। গোষ্ঠীটোৰ সদস্য ৰাষ্ট্ৰসমূহে চাইবাৰ অপৰাধ আৰু অনলাইন প্ৰৱঞ্চনাৰ বিৰুদ্ধে যুঁজিবলৈ সন্মত হয়। ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰধান গণতন্ত্ৰসমূহ প্ৰতিনিধিত্ব কৰা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আমেৰিকাৰ বিদেশ সচিব মার্কো ৰুবিঅ’ অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৰং আৰু জাপানৰ বিদেশ মন্ত্ৰী তাকেচি ইৱা য়াই এই বিবৃতিত সহমতত উপনীত হয়।
Site Admin | July 2, 2025 4:58 PM | Akashvani News | Pahalgam attack | Quad Critical Minerals Initiative
কোৱাড বিদেশ মন্ত্ৰীসকলৰ যুটীয়া বিবৃতিত পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক কঠোৰভাৱে গৰিহণা
