ডাউনলোড
মোবাইল এপ

android apple
signal

কোকৰাঝাৰ নয়েক গাঁৱৰ কাক্রিকোলা খেলপথাৰত হিতাধিকাৰীসকলৰ মাজত অসম চৰকাৰৰ আর্থ-সামাজিক সজাগতা কাৰ্যসূচী

কোকৰাঝাৰ জিলাৰ নয়েক গাঁৱৰ কাক্রিকোলা খেলপথাৰত আজি চৰকাৰে হিতাধিকাৰীসকলৰ মাজত আর্থ-সামাজিক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে। এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ সৈতে জনসাধাৰণক পোনপটীয়াকৈ জড়িত কৰোৱাৰ লগতে চৰকাৰৰ মূল পদক্ষেপসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা। ইয়াৰ উপৰি তৃণমূল পৰ্যায়ত আঁচনিসমূহৰ ৰূপায়ণ আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে পর্যালোচনা কৰা। অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰী, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, পাৰিষদ মাধৱ চেত্ৰী, কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষৰ লগতে বি টি আৰ প্ৰশাসনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে চৰকাৰৰ উন্নয়নমূলক পদক্ষেপসমূহত আলোকপাত কৰে। তেওঁ কয় যে বি টি আৰত চৰকাৰে অঞ্চলটোৰ আৰ্থ-সামাজিক অৱস্থাৰ উন্নয়নৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি মুকলি কৰিছে। এই আঁচনিসমূহে যাতে সমাজৰ প্ৰতিটো স্তৰৰ জনসাধাৰণৰ উন্নয়নত সহায় কৰিব পাৰে তাৰ বাবে বি টি আৰ প্ৰশাসনৰ প্ৰতিশ্ৰুতিক তেওঁ নিশ্চিত কৰিছে।