কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ নিৰ্মাণ কৰিবলগীয়া ৰে’ল পথৰ চূড়ান্ত জৰীপ সম্পূৰ্ণ

কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ নিৰ্মাণ কৰিবলগীয়া ৰে’ল পথৰ চূড়ান্ত জৰীপৰ কাম সম্পূৰ্ণ হৈছে আৰু ইয়াৰ বিশদ প্ৰকল্প প্রতিবেদন দাখিল কৰা হৈছে। এতিয়া নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে ৰে’ল পথছোৱা নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব। উত্তৰ-পূব সীমান্ত ৰে’লৱেই কালি এটা বিবৃতি যোগে এই কথা প্ৰকাশ কৰে। ৰে’ল বিভাগে প্ৰকাশ কৰা মতে ৬৯.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে’ল পথছোৱাৰ নিৰ্মাণ কাৰ্যত প্রায় তিনি হাজাৰ ৫০০ কোটি টকা ব্যয় হ’ব। ৰে’ল পথছোৱাত কোকৰাঝাৰৰ বাহিৰে বালাজান, গৰুভাষা, কণিখাটা, শান্তিপুৰ, দাদগিবি আৰু গেলেফু ষ্টেচন থাকিব। ইয়াৰ উপৰি এই পথছোৱাত দুখন গুৰুত্বপূৰ্ণ, ২৯ খন বৃহৎ আৰু ৬৫ খন সৰু দলং থাকিব। প্ৰস্তাৱিত ৰেলপথটোৱে বিটিআৰৰ অৰ্থনীতি আৰু ৰেল সংযোগ ব্যৱস্থাৰ ৰূপান্তৰ ঘটাব আৰু ইয়াৰ ফলত অঞ্চলটোৰ দীৰ্ঘম্যাদি বিকাশৰ পথ প্ৰশস্ত হ’ব। কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট নীতিৰ অধীনত কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ সংযোগ কৰা ভাৰত- ভূটান সংযোগী ৰে’লপথ নিৰ্মাণৰ কাম গ্ৰহণ কৰা হৈছে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে যোৱা ২৫ ফেব্ৰুৱাৰীত বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত এই ৰে’লপথৰ কথা ঘোষণা কৰিছিল৷