ডাউনলোড
মোবাইল এপ

android apple
signal

কোকৰাঝাৰত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা আৰম্ভ

কোকৰাঝাৰত আজিৰে পৰা ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খেল অনুষ্ঠিত হৈছে। জিলাখনৰ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কিংবদন্তী ফুটবল খেলুৱৈ সুনীল ছেত্রী, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, ভূটানৰ প্রাক্তন প্রধানমন্ত্রী ড০ লটে ছেৰিং আৰু মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সেনাবাহিনীৰ জোৱানসকলে কালাৰিয়াপঢ়ু সমৰকলা পৰিৱেশন কৰি উদ্বোধনী অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত থলুৱা শিল্পীসকলে অঞ্চলটোৰ বৰ্ণাঢ্য পৰম্পৰাক দাঙি ধৰি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।
আজিৰ প্ৰথমখন খেলত আই টি বি পি ফুটবল দলে কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিয়ে অসমৰ দ্বিতীয়টো দলৰূপে এই ঐতিহাসিক ফুটবল প্রতিযোগিতাত অভিষেক কৰাৰ গৌৰৱ লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক