অসম আৰক্ষীৰ বিশেষ কাৰ্য বাহিনীয়ে কোকৰাঝাৰ আৰক্ষীৰ সহযোগত জিলাখনত অভিযান চলাই কালি নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে যোগাযোগ ৰক্ষা কৰি জেহাদী কাৰ্যকলাপ চলাই থকাৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি অভিযান চলাই গ্ৰেপ্তাৰ কৰা লোকজন নাছিম উদ্দিন এছ কে বুলি প্ৰকাশ কৰিছে। ধৃত নাছিম উদ্দিন জেহাদী সংগঠন আনছাৰুল্লা বাংলা আৰু জামাত উল মুজাহিদিনৰ সক্ৰিয় সদস্য বুলিও আৰক্ষীয়ে প্ৰকাশ কৰে। লোকজনক জেৰা কৰাৰ বাবে গুৱাহাটীলৈ অনাৰ পাছত কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই অধিক সোধা-পোছাৰ বাবে আৰক্ষীয়ে ৭ দিনৰ বাবে জিম্মাত লৈছে। তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰা মতে ধৃত নাছিম উদ্দিন জেহাদী কার্যকলাপত জড়িত থকাৰ অভিযোগত পূৰ্বে গ্ৰেপ্তাৰ হোৱা নুৰুল ইছলাম মণ্ডল নামৰ লোকজনৰ ঘনিষ্ঠ আছিল। তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ আহৰণ আৰু আই ডি প্ৰস্তুত কৰাকে ধৰি বিভিন্ন সন্ত্রাসবাদী কাৰ্যকলাপৰ অভিসন্ধি কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ১৮ ডিচেম্বৰত আৰক্ষীয়ে ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত অভিযান চলাই নিষিদ্ধ ঘোষিত সন্ত্রাসবাদী সংগঠন জামাত উল মুজাহিদিনৰ ৮ জন সদস্যক গ্ৰেপ্তাৰ কৰিছিল।
Site Admin | February 4, 2025 8:04 PM | Jehadi Arrest
কোকৰাঝাৰত নিষিদ্ধ ঘোষিত সংগঠনৰে জেহাদী কাৰ্যকলাপৰ সন্দেহত এজনক গ্ৰেপ্তাৰ