ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যাই ২৫০ অতিক্ৰম

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যাই ২৫০ অতিক্ৰম কৰিছে। সেনাবাহিনীয়ে প্ৰকাশ কৰা মতে কালি ভূমিস্খলন প্রভাৱিত এলেকাসমূহত আবদ্ধ ১৮৯ জন লোক আৰু চাৰিটা শৱদেহ উদ্ধাৰ কৰা হয়। সেনাবাহিনীৰ দলে আজি পুৱা আট্টামালা, মুণ্ডাক্কি আৰু চুৰামালাত উদ্ধাৰ আৰু সাহায্য অভিযান পুনৰ আৰম্ভ কৰে। উদ্ধাৰ কাৰ্যত প্ৰশিক্ষণপ্রাপ্ত কুকুৰৰ দলৰো সহায় লোৱা হৈছে।
কালি মালাপ্পুৰাম জিলাৰ চালিয়াৰ নদীৰ পৰাও বহুকেইটা মৃতদেহ উদ্ধাৰ কৰা হয়। ভূমিস্খলনত ২০০ ৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ থকাৰ তথ্য পোৱা গৈছে যদিও এই সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।


আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কেৰালাৰ মালাপ্পুৰাম, কোঝিক’ড়, ৱায়নাড, কুন্নুৰ আৰু কাচাৰগডত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বিভাগীয় কৰ্তৃপক্ষই ইতিমধ্যে তিৰুৱানন্তপুৰম আৰু কুল্লামৰ বাহিৰে ১২ খন জিলাৰ সকলো শৈক্ষিক প্রতিষ্ঠান বন্ধ ঘোষণা কৰিছে।
ইপিনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই পৰিস্থিতি নিৰীক্ষণ কৰি থকা বুলি উল্লেখ কৰি উদ্ধাৰ, সাহায্য আৰু পুনৰ্বাসনৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্ভাৱ্য সকলো ধৰণৰ সহায় আগবঢ়াব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আশ্বাস দিছে। নৰেন্দ্ৰ মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পাছত বিপর্যয়ৰ সময়ত কোনো লোকৰ প্রাণনাশ নোহোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে উদ্ধাৰ কাৰ্যৰ উপৰি আগতীয়াকৈ প্ৰস্তুতিৰ ব্যৱস্থা কৰি অহা বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।