August 4, 2024 5:57 PM

views 26

কেৰালাৰ ভূমিস্খলন প্রভাৱিত বায়নাদত একেৰাহে ৬ দিন ধৰি উদ্ধাৰ অভিযান অব্যাহত

কেৰালাৰ ভূমিস্খলন প্রভাৱিত বায়নাদত আজি একেৰাহে ৬ দিন ধৰি উদ্ধাৰ অভিযান অব্যাহত আছে। এই অভিযানত কালি ৪ টা শৱদেহ উদ্ধাৰ হয়। ইয়াৰে ভিতৰত ৩ টা শৱদেহ নিলাম্বৰৰ চলিয়াৰ নৈৰ পৰা উদ্ধাৰ কৰা হয়। নৈখনিৰ পৰা ১৩ টা ক্ষত বিক্ষত অংগও উদ্ধাৰ কৰা হৈছে। শসস্ত্র বাহিনীসমূহৰ এহেজাৰ ২৬০ গৰাকী কৰ্মীয়ে প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ আৰু মানৱীয় সাহায্যত ব্ৰতী হৈ আছে। ইপিনে, অঞ্চলটোত বাহৰ পাতি থকা মন্ত্ৰীসভাৰ উপ সমিতিয়ে ডার্ক টুৰিজিম এৰাই চলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। বিপদসংকুল এলেকাৰ ভ্ৰমণক ডার্ক টুৰিজিম বু...

August 1, 2024 1:42 PM

views 43

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যাই ২৫০ অতিক্ৰম

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যাই ২৫০ অতিক্ৰম কৰিছে। সেনাবাহিনীয়ে প্ৰকাশ কৰা মতে কালি ভূমিস্খলন প্রভাৱিত এলেকাসমূহত আবদ্ধ ১৮৯ জন লোক আৰু চাৰিটা শৱদেহ উদ্ধাৰ কৰা হয়। সেনাবাহিনীৰ দলে আজি পুৱা আট্টামালা, মুণ্ডাক্কি আৰু চুৰামালাত উদ্ধাৰ আৰু সাহায্য অভিযান পুনৰ আৰম্ভ কৰে। উদ্ধাৰ কাৰ্যত প্ৰশিক্ষণপ্রাপ্ত কুকুৰৰ দলৰো সহায় লোৱা হৈছে। কালি মালাপ্পুৰাম জিলাৰ চালিয়াৰ নদীৰ পৰাও বহুকেইটা মৃতদেহ উদ্ধাৰ কৰা হয়। ভূমিস্খলনত ২০০ ৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ থকাৰ তথ্য পোৱা গৈছে যদিও এই স...