ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেৰালাৰ ভূমিস্খলন প্রভাৱিত বায়নাদত একেৰাহে ৬ দিন ধৰি উদ্ধাৰ অভিযান অব্যাহত

কেৰালাৰ ভূমিস্খলন প্রভাৱিত বায়নাদত আজি একেৰাহে ৬ দিন ধৰি উদ্ধাৰ অভিযান অব্যাহত আছে। এই অভিযানত কালি ৪ টা শৱদেহ উদ্ধাৰ হয়। ইয়াৰে ভিতৰত ৩ টা শৱদেহ নিলাম্বৰৰ চলিয়াৰ নৈৰ পৰা উদ্ধাৰ কৰা হয়। নৈখনিৰ পৰা ১৩ টা ক্ষত বিক্ষত অংগও উদ্ধাৰ কৰা হৈছে। শসস্ত্র বাহিনীসমূহৰ এহেজাৰ ২৬০ গৰাকী কৰ্মীয়ে প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ আৰু মানৱীয় সাহায্যত ব্ৰতী হৈ আছে। ইপিনে, অঞ্চলটোত বাহৰ পাতি থকা মন্ত্ৰীসভাৰ উপ সমিতিয়ে ডার্ক টুৰিজিম এৰাই চলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। বিপদসংকুল এলেকাৰ ভ্ৰমণক ডার্ক টুৰিজিম বুলি কোৱা হয়। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ক্ষতিগ্রস্ত এলেকাসমূহত শিশুসকলৰ মানসিক স্বাস্থ্য সুনিশ্চিত কৰাৰ বাবে ১৩৭ গৰাকী পৰামৰ্শদাতা নিয়োগ কৰিছে। মুন্দক্কই আৰু চুৰলমালাত স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু চালিয়াৰ নদীৰ গাতে লাগি থকা বনাঞ্চল আৰু নৈৰ পাৰত শৱদেহ উদ্ধাৰ কৰাৰ বাবে কৰ্মী নিয়োগ কৰা হৈছে।