ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 1, 2025 2:26 PM | Central Govt.

printer

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ অধীনৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ নিৰ্ধাৰিত বৃত্তিৰ বাবে আবেদনৰ আহ্বান

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ অধীনৰ বিশেষভাৱে সক্ষম ব্যক্তি বিভাগে তিনিটা শাখাত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ কাৰণে নিৰ্ধাৰিত বৃত্তিৰ বাবে আবেদন বিচাৰিছে। এই আবেদন ৰাষ্ট্ৰীয় বৃত্তি প’ৰ্টেল www.scholarship.gov.in ত জমা দিব লাগিব। আবেদনকাৰী ছাত্ৰ-ছাত্ৰীৰ ৪০ শতাংশ শাৰীৰিক অক্ষমতাৰ প্ৰমাণ পত্ৰ থকাৰ লগতে বাৰ্ষিক আয় আঢ়ৈ লাখ টকাতকৈ কম হ’ব লাগিব। প্ৰাৰ্থীৰ আধাৰ নম্বৰ অথবা পিতৃ-মাতৃৰ বেংক একাউণ্ট থাকিব লাগিব। দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ আগত পাবলগীয়া বৃত্তিৰ ক্ষেত্ৰত ৩১ আগষ্টৰ ভিতৰত আৰু দশম শ্ৰেণীৰ পৰৱৰ্তী বৃত্তিৰ ক্ষেত্ৰত ৩১ অক্টোবৰৰ ভিতৰত অনলাইন আবেদন দাখিল কৰিব লাগিব।