ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেন্দ্ৰীয় চৰকাৰে এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক দুখন ৩১ জন সাংসদৰে গঠিত যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব

কেন্দ্ৰীয় চৰকাৰে এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক দুখন ৩১ জন সাংসদৰে গঠিত যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব৷ এই প্ৰস্তাৱিত সমিতিত ২১ জন লোকসভাৰ সদস্য আৰু ১০ জন ৰাজ্যসভাৰ সদস্য থাকিব৷ এই সাংসদসকলৰ ভিতৰত বিজেপি নেতা পি পি চৌধুৰী, অনুৰাগ সিং ঠাকুৰ, পৰশোত্তমভাই ৰূপালা, কংগ্ৰেছ নেতা প্ৰিয়ংকা গান্ধী আৰু মনীষ তিৱাৰী, টি এম চিৰ কল্যাণ বেনাৰ্জী আৰু এন চি পি (এছ পি)ৰ সুপ্রিয়া ছুলেও আছে। এই বিধেয়কদুখনৰ নাম আনুষ্ঠানিকভাৱে সংবিধানৰ এশ উনত্ৰিছ সংখ্যক সংশোধনী বিধেয়ক, ২০২৪ হিচাপে ৰখা হৈছে৷