ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ গহপুৰত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কালি গহপুৰত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ৪১৫ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন প্রযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ’ব। ৭৩১ বিঘা ভূমিত নির্মাণ কৰিবলৈ লোৱা বিশ্ববিদ্যালয়খনত দুহেজাৰ গৰাকী শিক্ষাৰ্থীৰ বাবে শৈক্ষিক ভৱন, ১৬২০ গৰাকী শিক্ষাৰ্থীৰ বাবে হোষ্টেল, ৭২টা আবাসিক ভবন, অতিথিশালা তথা শিক্ষার্থীৰ সা-সুবিধা কেন্দ্ৰ থাকিব। বিশ্ববিদ্যালয়খনত কৃত্রিম বুদ্ধিমত্তা, ৰব’টিক ছায়েন্স, চাইবাৰ সুৰক্ষা, কোৱাণ্টাম কম্পিউটিং, এনিমেচন আৰু গ্রাফিক্‌ছ, ড্রোণ আৰু নেভিগেচন প্রযুক্তি, থ্রী ডি প্রিন্টিডকে ধৰি কেইবাটাও নতুন নতুন বিষয় অন্তৰ্ভূক্ত কৰা হ’ব। এই আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্রহণ কৰি বিত্তমন্ত্রী নির্মলা সীতাৰমণে কয়, যে দেশৰ স্বাধীনতা আন্দোলনত প্রাণ আহুতি দিয়া বীৰাংগণা কনকলতা বৰুৱাৰ নামত স্থাপন কৰিবলৈ লোৱা এই বিশ্ববিদ্যালয়খন ছহিদগৰাকীৰ প্ৰতি প্ৰকৃত শ্রদ্ধাঞ্জলি।

অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এই বিশ্ববিদ্যালয়খনে ২০২৫ চনৰ নতুন অসমৰ বিকাশ আৰু বিৱৰ্তনৰ ৰূপকথাক প্রতিনিধিত্ব কৰিব। ৰূপকোঁৱৰে অসমীয়া চলচ্চিত্র জগতৰ উন্মেষ ঘটোৱা পবিত্র ভূমিত আধাৰশিলা স্থাপন কৰা এই বিশ্ববিদ্যালয়ে ঐতিহ্য, আধুনিকতা আৰু প্ৰতিশ্ৰুতিপূর্ণ ভবিষ্যতৰ ইংগিত বহন কৰিছে বুলি মুখ্যমন্ত্রীয়ে কয়।

বিত্তমন্ত্রী নির্মলা সীতাৰমণে ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৱাহাটীৰ খানাপাৰাত নির্মীয়মান জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ পৰিদৰ্শন কৰে। ৫ হাজাৰ আসনযুক্ত প্রেক্ষাগৃহটোৰ নিৰ্মাণ সম্পূর্ণ হৈ উঠিলে ই উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ প্রেক্ষাগৃহ হিচাপে পৰিগণিত হ’ব।