ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰাৰ বৈঠক

ৰাজ্যখনৰ বিভিন্ন ঠাইৰ কৃষি ভূমিত শুঁৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ কৃষি বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। কৃষি মন্ত্ৰী অতুল বৰাই দিচপুৰৰ জনতা ভৱনত আজি কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে এই সন্দৰ্ভত পর্যালোচনা অংশ লয়। ৰাজ্যখনৰ কেইবাখনো জিলাৰ খৰাং সদৃশ পৰিস্থিতি কৃষক সকলক সহায় কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সমূহৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কাজিৰঙাত নির্মীয়মান অৰ্কিড উদ্যান, গোৱালপাৰাৰ দৰংগিৰিত নিৰ্মীয়মান কলৰ বজাৰ গৃহ শেহতীয়া অগ্ৰগতিৰ সন্দৰ্ভতো বৈঠকত পর্যালোচনা কৰে ৷ তেওঁ কৃষক সকলক উন্নতমানৰ বীজ, কৃষি যন্ত্র-পাতি বিতৰণ আৰু সাৰ উপলভ্যতাৰ বিষয়েও বৈঠকত বুজ লয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।