কাৰিকৰী আৰু অ-কাৰিকৰী পদৰ বাবে ২১৫ গৰাকী চাহ জনগোষ্ঠীৰ প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান

ৰাজ্যৰ বিভিন্ন বিভাগৰ কাৰিকৰী আৰু অ-কাৰিকৰী পদত বাছনি লাভ কৰা ২১৫ গৰাকী চাহ জনগোষ্ঠীৰ প্রার্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে এই নিযুক্তি পত্র প্রদান কৰে। চিকিৎসা, শিক্ষা আৰু গৱেষণা সঞ্চালকালয়ৰ কাৰিকৰী পদত ৮৮ গৰাকী আৰু অ-কাৰিকৰী পদত ২৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰিকৰী পদত ৫৫ গৰাকী আৰু স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালকালয়ৰ কাৰিকৰী পদত ৪৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্র দিয়া হয়। নিযুক্তি পত্র প্রদান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী অশোক সিংহল, প্রশান্ত ফুকন, ৰূপেশ গোৱালা উপস্থিত থাকে ।
ইপিনে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনৰ তৃতীয় বৰ্গৰ বাছনিপ্ৰাপ্ত প্ৰাৰ্থীৰ নিযুক্তিপত্ৰ অহা ১০ জানুৱাৰীত বিতৰণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।