ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তা বাহিনীৰে গুলিয়াগুলীৰ ঘটনাত দুটা সন্ত্ৰাসবাদী নিহত

কাশ্মীৰৰ কুলগাম জিলাৰ ৰেদৱানী পায়ী গাঁৱত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা এটা গুলিয়াগুলীৰ ঘটনাত দুটা সন্ত্ৰাসবাদী নিহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষী আৰু সেনা তথা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ যৌথ দলে বিশেষ সূত্ৰৰ পম খেদি অঞ্চলটোত কালি নিশা অভিযান চলায় । দলটো কাষ চপাৰ লগে লগে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে দলটোক উদ্দেশ্যি গুলী চলায়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইয়াৰ প্ৰত্যুত্তৰত বাহিনীটোৱে কৰা গুলীচালনাত দুটা সন্ত্রাসবাদী নিহত হয়। পাছত ঘটনাস্থলীৰ পৰা সন্ত্ৰাসবাদী দুটাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ইতিমধ্যে ঘটনাস্থলীত অনুসন্ধান অব্যাহত আছে।