ৰাজ্যৰ বিভিন্ন অংশত আজি কামৰূপী লোকগীতৰ যশস্বী শিল্পী ৰামেশ্বৰ পাঠকৰ পূণ্য তিথি পালন কৰা হৈছে।
পূণ্য তিথি উপলক্ষে শিল্পীগৰাকীক সুঁৱৰি ঠায়ে ঠায়ে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীৰ পূণ্য তিথিত শ্রদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয়, যে অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ জগতখনক কামৰূপী লোকগীতে বিশেষভাৱে সমৃদ্ধ কৰিছে। শিল্পীগৰাকীৰ কণ্ঠৰ প্ৰতিটো লোকগীত অসমীয়া সংস্কৃতিৰ অমূল্য সম্পদ বুলি তেওঁ উল্লেখ কৰে। আজি লোকসংগীতৰ বৰেণ্য সাধকগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰি নতুন প্ৰজন্মই তেওঁৰ গীতৰ চৰ্চা অব্যাহত ৰাখি বিশ্বত এই গীতসমূহক জনপ্ৰিয় কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে। কামৰূপী লোকগীতক নিজৰ অনন্য গায়ন শৈলীৰে দেশজুৰি জনপ্ৰিয় কৰা শিল্পীগৰাকীৰ গীতসমূহ আজিও শ্রোতাৰ বাবে সমানে প্ৰিয় হৈ আছে।
ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তইও পূণ্য তিথি উপলক্ষে কামৰূপী লোকগীতৰ সম্ৰাট গৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয়, যে কামৰূপী লোকগীতক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়া ৰামেশ্বৰ পাঠকৰ অৱদান অতুলনীয়। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পীগৰাকীয়ে আগবঢ়াই থৈ যোৱা বৰেণ্য অৱদানে ৰাজ্যৰ সাংস্কৃতিক জগতখনক সদায় চহকী কৰি ৰাখিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।