কামপুৰ-যমুনামুখৰ ৰে’লপথত ৰেলৰ খুন্দাত ৮টা হাতীৰ মৃত্যু ঘটনা সন্দৰ্ভত বন বিভাগক মুখ্যমন্ত্রীৰ তদন্তৰ নিৰ্দেশ

নগাঁও জিলাৰ কামপুৰ-যমুনামুখৰ মাজৰ চাংজুৰাই ৰে’লপথত কালি পুৱতি নিশা ৰেলৰ খুন্দাত ৮টা হাতীৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বন বিভাগৰ শীঘ্ৰেই তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ প্রতিকূল বতৰ বিশেষকৈ ঘন কুঁৱলী পৰাৰ সময়ছোৱাত এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰবাবে তাৎক্ষণিক ব্যবস্থা গ্রহণৰো নির্দেশ দিয়ে।

কালি পুৱতি নিশা ২ বাজি ১৭ মিনিটত নামনিমুৱা চাইৰাং নতুন দিল্লী-ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭টা বনৰীয়া হাতীৰ মৃত্যু হয় আৰু এটা গুৰুতৰভাৱে আহত হয়। পাছত এই হাতীটোৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে পুৱতি নিশা বনৰীয়া হাতীৰ এটা জাকে ৰে’লপথ অতিক্ৰম কৰাৰ সময়তে এই দুর্ঘটনাটো সংঘটিত হয়। ইয়াৰ ভিতৰত দুটা দঁতাল হাতী আৰু এজনী গর্ভবতী হাতীকে ধৰি পাঁচজনী মাইকী হাতী আছিল।

উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত অব্যাহত আছে আৰু এনে ঘটনাত বহুলোকৰ আৰু হাতীৰো প্ৰাণহানি হৈছে। ইপিনে, বিগত ৫ বছৰত ৰাজ্যখনত ৰেলৰ খুন্দাত ২৪টা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ২০১৯-২০ বর্ষত দুটা, ২০২০-২১ বর্ষত ৫টা, ২০২১-২২ বৰ্ষত ৮টা আৰু ২০২২-২৩ বৰ্ষত ৭টা বনৰীয়া হাতীৰ ৰে’লৰ খুন্দাত মৃত্যু হৈছিল। একেদৰে ২০২৩-২৪ বিত্তীয় বৰ্ষত দুটা বনৰীয়া হাতীৰ মৃত্যু হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।