কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দে ছদিনীয়া কাৰ্যসূচীৰে ভাৰত, ছিংগাপুৰ আৰু চীনদেশ ভ্ৰমণ কৰিব

কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দে আজিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে ভাৰত, ছিংগাপুৰ আৰু চীনদেশ ভ্ৰমণ কৰিব। কানাডাৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় নীতিৰ অংশ স্বৰূপে দ্বিপাক্ষিক সম্পৰ্ক আৰু সংহযোগিতা অধিক বৃদ্ধিৰ উদ্দেশ্যে তেওঁ এই ভ্ৰমণ কৰিব। ভাৰত ভ্ৰমণৰ সময়ছোৱাত আনন্দে নতুন দিল্লীত বিদেশমন্ত্রী এছ. জয়শংকৰ আৰু বাণিজ্য তথা উদ্যোগ মন্ত্ৰী পীযুষ গোয়েলৰ সৈতে বৈঠকত মিলিত হ’ব। এই আলোচনা কালত কৌশলগত সহযোগিতা বৃদ্ধিৰ ৰূপৰেখা প্ৰস্তুত, ভিন্ন বাণিজ্যিক খণ্ডত মনোনিৱেশ, শক্তি ৰূপান্তৰকৰণ আৰু নিৰাপত্তা সংক্রান্তীয় বিষয়সমূহত গুৰুত্ব আৰোপ কৰা হ’ব। আনন্দে লগতে ভাৰত আৰু কানাডাৰ ব্যৱসায় বৃদ্ধিৰ উদ্দেশ্যে বিনিয়োগ, কৰ্ম সংস্থাপন সৃষ্টি আৰু উভয় ৰাষ্ট্ৰৰে অৰ্থনৈতিক সুযোগ সন্দৰ্ভত পর্যালোচনা কৰাৰ বাবে মুম্বাইলৈও যাব। দক্ষিণ পূব এছিয়াৰ অতি গুৰুত্বপূৰ্ণ সহযোগী দেশ ছিংগাপুৰ ভ্ৰমণ কৰি আনন্দে দেশখনৰ বিদেশ মন্ত্ৰী ভিভিয়ান ৱালকৃষ্ণণনক সাক্ষাৎ কৰি দেশখনৰ সৈতে সহযোগিতা অধিক শক্তিশালী কৰি তোলাৰ বিষয়ে আলোচনা কৰিব । এই সাক্ষাৎ কানাডা আৰু ছিংগাপুৰৰ কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰ পূৰ্তিৰ চিনৰূপে পৰিগণিত হ’ব। ইপিনে, চীনৰ সৈতে থকা কূটনৈতিক সম্বন্ধৰ ৫৫ বছৰ পূৰ্তিৰ চিনস্বৰূপে দেশখনৰ সৈতে কানাডাৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু প্রতিশ্রুতিবদ্ধতা অব্যাহত ৰখাৰ উদ্দেশ্যে আনন্দে চীনৰ বিদেশ মন্ত্ৰীৰ সৈতেও আলোচনা কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।