কানাডাক পৰাস্ত কৰি ভাৰত চুলতান আজলান শ্বাহ হকী প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ

● ভাৰতে কানাডাক পৰাস্ত কৰি চুলতান আজলান শ্বাহ হকী প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি মালয়েছিয়াৰ ইপোহৰ ষ্টেডিয়ামত অনুষ্ঠিত ছেমিফাইনেলত ভাৰতে আক্ৰমণাত্মক প্ৰদৰ্শনেৰে ১৪-৩ গ’লত কানাডাক পৰাস্ত কৰিছে। ভাৰতৰ হৈ জুগ্ৰাজ সিঙে চাৰিটা, আৰু ৰাজিন্দ সিঙে দুটা গ’ল কৰে ৷