কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৫ মে’ত জীপ ছাফাৰী সামৰণি পৰাৰ সম্ভাৱনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা ৩০ এপ্ৰিলত হাতী ছাফাৰী বন্ধ হোৱাৰ পাছত সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই অহা ১৫ মে’ত জীপ ছাফাৰীও সামৰণি পৰাৰ সম্ভাৱনা ব্যক্ত কৰে। অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ হ’লেও পানবাৰী সংৰক্ষিত বনাঞ্চল, বিশ্বনাথৰ পানপুৰ, লাওখোৱা বুঢ়াচাপৰি বনাঞ্চল কিছু দিনৰ বাবে পৰ্যটকৰ বাবে খোলা থাকিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে এই কথা প্ৰকাশ কৰাৰ লগতে চলিত পর্যটন বৰ্ষৰ মাৰ্চলৈকে ৪ লাখ ২০ হাজাৰ পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে বুলি জনায়। এইবাৰ প্ৰায় ১৪ হাজাৰ বিদেশী পর্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে। এই সংখ্যা পূৰ্বৰ বছৰসমূহত বিদেশী পৰ্যটকৰ সংখ্যাৰ দুগুণ। সঞ্চালকগৰাকীয়ে জনোৱা অনুসৰি বৰ্তমান বৰষুণৰ বাবে ৰাষ্ট্ৰীয় উদ্যান ভিতৰৰ পথসমূহ বোকাময় হৈ পৰাৰ বাবে ১৫ মে’ত জীপ ছাফাৰী বন্ধ কৰা হ’ব বুলি ঘোষণা কৰিলেও বতৰ ভাল হ’লে সিদ্ধান্ত সলনি হ’ব পাৰে। একে সময়তে সমাগত বাৰিষাত হ’ব পৰা বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ উদ্যান কর্তৃপক্ষ সাজু হোৱা বুলি সঞ্চালকগৰাকীয়ে জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।