ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাইলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কংগ্ৰেছ নেত্রী প্ৰিয়ংকা গান্ধীকে ধৰি বিভিন্ন তাৰকা প্ৰচাৰকৰ নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অহা ১৮ এপ্ৰিলত কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা। তেওঁ বিজেপি মিত্ৰজোঁটৰ ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব। আনহাতে, কংগ্ৰেছ নেত্রী প্ৰিয়ংকা গান্ধীয়ে কাইলৈ যোৰহাটত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা । তেওঁ যোৰহাট সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ তিতাবৰৰ পৰা যোৰহাটলৈ ৰোড শ্বত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাব। ইপিনে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি মাকুমত কেইবাখনো নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। শ্ৰীসোণোৱালে ডিগবৈৰ বৰবিল হনুমান মন্দিৰৰ পৰা গান্ধী ময়দানলৈ এটা পদযাত্রাতো অংশ লয়। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ আজি হোজাইৰ লামডিঙত এখন জনসভাত অংশগ্রহণ কৰে। তেওঁ শোণিতপুৰৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈও তেজপুৰত ৰোড শ্ব’ত অংশ লয়। আনহাতে, কংগ্ৰেছ তথা বিৰোধী দলৰ প্ৰাৰ্থীসকলেও নির্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। যোৰহাট সমষ্টিৰ কংগ্ৰেছ প্রার্থী গৌৰৱ গগৈয়ে আজি তিতাবৰত নিৰ্বাচনী প্ৰচাৰ চলায়। ডিব্ৰুগড় সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে তিনিচুকীয়াৰ কেইবাটাও স্থানত নির্বাচনী সভাত অংশগ্ৰহণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ মানকাচৰত প্ৰচাৰ চলায়।