কাইলৈ পবিত্ৰ বৰদিন। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো খ্ৰীষ্টধর্মী লোকসকলে আজি মাজনিশাৰে পৰা পৱিত্ৰ বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা কৰিব। বিভিন্ন প্ৰান্তৰ গীৰ্জাসমূহ ইযাৰ বাবে সজাই-পৰাই তোলা হৈছে। আজি নিশা গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ ব্যাপ্তিষ্ট চার্চ, পাণবজাৰৰ ডনবস্ক’, খ্ৰীষ্টানবস্তি, সোণাইঘূলিকে ধৰি বিভিন্ন স্থানৰ গীর্জাসমূহ কেৰলৰ ধ্বনিৰে মুখৰ হৈ উঠিব। প্ৰভূ যীশুৰ প্ৰাৰ্থনাৰ বাবে আজি সন্ধিয়াৰে পৰা গীর্জাসমূহত অগনন লোক সমবেত হৈছে। আলোকসজ্জা, খ্ৰীষ্টমাছ ট্ৰী, ৰং-বিৰঙী ফুল, তৰা আদিৰে গীৰ্জাৰ লগতে খ্ৰীষ্টধর্মী লোকসকলৰ বাসগৃহসমূহো সজাই তোলা হৈছে।
ৰাজ্যৰ প্ৰথম পৰিষ্কাৰ আৰু স্বচ্ছ গাঁও হিচাপে পৰিচিত গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁওখনক বিভিন্ন আলোকসজ্জাৰে সজাই তোলাৰ লগতে খ্ৰীষ্টধর্মী লোকসকলে ঘৰে ঘৰে বিভিন্ন খাদ্য প্ৰস্তুত কৰিছে। গোৱালপাৰা নগৰৰ বাপুজী নগৰত থকা একমাত্ৰ গীৰ্জাঘৰতো বৰদিনৰ আয়োজন চলিছে। তদুপৰি অসম মেঘালয় সীমান্তৰ খ্ৰীষ্টধর্মী গাৰো সম্প্ৰদায়ৰ লোকসকলেও বৰদিন পালনৰ বাবে সাজু হৈছে।
বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে গহপুৰ সম-জিলাতো খ্ৰীষ্টান ধর্মালৱলম্বী লোকসকলে বৰদিন উদযাপনৰ বাবে ব্যস্ত হৈ পৰিছে। উৎসৱৰ বাবে খ্ৰীষ্টমাষ্ট ট্রী, বেটাৰী চালিত চাণ্টা ক্লজ, আলোকসজ্জাৰে বিপণীসমূহ ভৰি পৰিছে। গহপুৰ অঞ্চলৰ খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকসকলৰ লগতে এই বিপণীসমূহত অৰুণাচল প্ৰদেশৰ পৰা বহু গ্ৰাহকৰ আগমন ঘটা পৰিলক্ষিত হৈছে।
বৰদিন উপলক্ষে উত্তৰ পূবৰ অনান্য ৰাজ্যকেইখন বিশেষকৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলং নগৰী আটক ধুনীয়াকৈ সজাই তোলা হৈছে। প্ৰায় এসপ্তাহ পূৰ্বৰে পৰা নগৰখনত বৰদিনক লৈ ব্যস্ততা পৰিলক্ষিত হৈছে। আজি সন্ধিয়াৰে পৰা বৰদিনৰ প্ৰাৰ্থনাৰ বাবে শ্বিলঙৰ গীৰ্জাঘৰলৈ বহু লোকৰ আগমন হৈছে। বৰদিনৰ আনন্দ উপভোগৰ বাবে শ্বিলঙলৈ দেশ-বিদেশৰ বহু পৰ্যটকৰ আগমন ঘটাও দেখা গৈছে। কোহিমা, আইজল, তুৰাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা বৰদিনৰ প্ৰাক সন্ধিয়া আনন্দ-উল্লাস সৃষ্টি হোৱাৰ বাতৰি আহিছে।
ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যই পবিত্ৰ বৰদিন উপলক্ষে ৰাজ্যৰ সকলো জনসাধাৰণ বিশেষ খ্ৰীষ্টধর্মী লোকসকলক ওলগ জনাইছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে আয়োজিত এই উৎসৱে আমাক দয়া, কৰুণা আৰু নিস্বাৰ্থ সেৱাৰ অমূল্য – প্ৰমূল্যৰাজিৰ বিষয়ে সোঁৱৰাই দিয়ে। তেও কয় যে এই উৎসৱে যীশুখ্ৰীষ্টৰ আদৰ্শৰাজি অনুসৰণ কৰি মৰম, ভালপোৱা, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানেৰে ভৰা এখন সমাজ গঢ়াৰ বাবে সমুহীয়াভাৱে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায় । ৰাজ্যপালগৰাকীয়ে লগতে সদিচ্চা আৰু সম্প্ৰীতিৰ এনাজৰি সুদৃঢ় কৰি এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্রতি আহ্বান জনায়।
Site Admin | December 24, 2025 8:14 PM | Charismas Day
কাইলৈ পৱিত্ৰ বৰদিনৰ প্ৰাকক্ষণত ৰাজ্যৰ খ্ৰীষ্টধর্মী লোকসকলৰ উছাহ