ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাইলৈ পুৱা ৮ বজাৰ পৰা বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা

● বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা কাইলৈ পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হ’বলগীয়া এই ভোটগণনা প্রক্রিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে বিটিআৰৰ জিলাকেইখনৰ প্ৰশাসন সাজু হৈ উঠিছে। প্রশাসনে স্থাপন কৰা ষ্ট্ৰং ৰুমসমূহত বেলট বাকচসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। এই ভোটগণনাৰ জৰিয়তে ৩১৬ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ’ব। উল্লেখযোগ্য যে যোৱা ২২ ছেপ্তেম্বৰত বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণত ৭৮.৪২ শতাংশ লোকে ভোটদান কৰিছিল। ইয়াৰ ভিতৰত কোকৰাঝাৰ জিলাৰ ১২টা সমষ্টিত ৮২.২৭ শতাংশ, ওদালগুৰি জিলাৰ ১০টা সমষ্টিত ৭৫.১৭ শতাংশ, তামুলপুৰ জিলাৰ ৪টা সমষ্টিত ৭৫.০৯ শতাংশ, বাক্সাৰ ৬টা সমষ্টিত ৭৬.৯২ শতাংশ আৰু চিৰাং জিলাৰ ৭টা সমষ্টিত ৮০.১১ শতাংশ লোকে ভোটৰ অধিকাৰ সাব্যস্ত কৰিছিল। ওদালগুৰি জিলাত এই ভোটগণনাৰ জৰিয়তে ৬৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ’ব। জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত স্থাপন কৰা ষ্ট্রংৰুমত বেলট বাকচসমূহ নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে।

চিৰাং জিলাত সাতটা পৰিষদীয় সমষ্টিৰ বাবে কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা অনুষ্ঠিত হ’ব। ইয়াৰ বাবে উপেন্দ্রনাথ ব্রহ্ম মহাবিদ্যালয়ত ৩৮খন টেবুল আৰু বিজনী মহকুমাৰ ভোটগণনাৰ বাবে ৫৪খন টেবুল সাজু কৰা হৈছে। জিলাখনৰ সাতটা পৰিষদীয় সমষ্টিত ৫৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।
তামুলপুৰ জিলাৰ পাঁচটা পৰিষদীয় সমষ্টিত কাইলৈ ৪১গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ’ব। প্ৰায় সাতটা ৰাউণ্ডত ভোটগণনা কৰা হ’ব বুলি জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে।