ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 9, 2024 8:06 PM | President

printer

কাইলৈ নতুন দিল্লীৰ দ্বাৰকাত হোমিঅ’পেথিক সন্মিলন উদ্বোধন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে বিশ্ব হোমিঅ’পেথি দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীৰ দ্বাৰকাত থকা যশোভূমি সভাগৃহত দুদিনীয়াকৈ আয়োজিত হোমিঅ’পেথিক সন্মিলন উদ্বোধন কৰিব। হোমিঅ’পেথিৰ দিশত গৱেষণাৰ উদ্দেশ্যে থকা কেন্দ্ৰীয় পৰিষদ চি চি আৰ এইচৰ উদ্যোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে। আয়ুষ মন্ত্ৰালয়ৰ অধীনত এই পৰিষদে আয়োজন কৰা সন্মিলনৰ বিষয়বস্তু হৈছে দক্ষতা বৃদ্ধিৰ জৰিয়তে গৱেষণাৰ দিশত বিকাশ ঘটোৱা। এই সন্মিলনৰ যোগেদি সম্পূৰ্ণ স্বাস্থ্য আৰু আৰোগ্য তথা হোমিঅ’পেথি চিকিৎসাত উন্নত প্ৰযুক্তিৰ ব্যৱহাৰক উদগণি যোগোৱা। এই বিজ্ঞানভিত্তিক সন্মিলনত মহামাৰী আৰু জনস্বাস্থ্য, হোমিঅ’পেথি ঔষধৰ মান আৰু প্ৰাথমিক অনুসন্ধানৰ লগতে আন আন বিভিন্ন বিষয়ত কেইবাটাও সত্র অনুষ্ঠিত হ’ব। এই উপলক্ষে কেইবাখনো গৱেষণা গ্রন্থ প্ৰকাশ কৰা হ’ব। আয়ুষ দপ্তৰৰ সচিব বৈদ্য ৰাজেশ কোতেজা, চি চি এইচ আৰৰ সঞ্চালক প্রধান ডাঃ সুভাষ কৌশিক, ৰাষ্ট্ৰীয় হোমিঅ’পেথি আয়োগৰ অধ্যক্ষ ডাঃ অনিল খুৰানা আৰু পদ্ম পুৰস্কাৰেৰে সন্মানিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই সন্মিলনত উপস্থিত থাকিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।