ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 22, 2024 8:02 PM | NCC

printer

কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী -এন চি চিৰ যুটীয়া ৰাজ্যিক প্ৰতিনিধি আৰু উপ-সঞ্চালক প্ৰধান সন্মিলন

প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী -এন চি চিৰ যুটীয়া ৰাজ্যিক প্ৰতিনিধি আৰু উপ-সঞ্চালক প্ৰধান সন্মিলনৰ অধ্যক্ষতা কৰিব। সন্মিলনৰ সময়ত শেহতীয়াকৈ এন চি চিৰ কেডেটৰ সংখ্যা ১৭ লাখৰ পৰা ২০ লাখলৈ বৃদ্ধি কৰাৰ উদ্দেশ্যে অনুমোদন দিয়া সম্প্ৰসাৰণ আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হ’ব। প্রতিনিধিসকলে লগতে এন চি চিৰ নীতি, অর্থনৈতিক প্রয়োজন আৰু নতুন প্রশিক্ষণ কেন্দ্র তথা কেম্পৰ আন্তঃগাঁথনি উন্নত কৰাৰ উদ্দেশ্যে অংশীদাৰসকলৰ মাজত সহযোগিতা বৃদ্ধিৰ বিভিন্ন দিশ সন্দৰ্ভতো আলোচনা কৰিব। প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰীগৰাকীয়ে কয় যে সন্মিলনখনৰ উদ্দেশ্য হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত সমন্বয় বৃদ্ধিৰ লগতে দেশৰ এন চি চি কেডেটসকলৰ উন্নত ভৱিষ্যৎ সুনিশ্চিত কৰা। এই দ্বিবার্ষিক সন্মিলনত ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী আৰু উচ্চ শিক্ষা মন্ত্ৰী, অৰুণাচল প্রদেশ, অসম, কৰ্ণাটক, কেৰালা আৰু উত্তৰাখণ্ডৰ শিক্ষা মন্ত্ৰীসকলৰ লগতে গোৱাৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰী তথা অন্যান্য ৰাজ্যৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।