ডাউনলোড
মোবাইল এপ

android apple
signal

কাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নির্বাচন

আমেৰিকা যুক্তৰাষ্ট্ৰত কাইলৈ বহু প্ৰত্যাশিত ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ’ব। ৰিপাব্লিকান প্রার্থী তথা দেশখনৰ প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্ৰাৰ্থী তথা বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতাৰে যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ বাবে এই নির্বাচন অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত কেইবাটাও টাইম জ’ন থকাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সময় অনুসাৰে বিয়লি ৫.৩০ বজাৰ পৰা ৭.৩০ বজাৰ ভিতৰত ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈ বুধবাৰে পুৱা ৫.৩০ বজাৰ পৰা ৯.৩০ বজাৰ ভিতৰত এই প্ৰক্ৰিয়াৰ অন্ত পৰিব। ভোটগ্ৰহণৰ সামৰণিৰ পাছতেই ইয়াৰ ফলাফল আশা কৰিব পৰা যাব যদিও পৰৱৰ্তী ৰাষ্ট্ৰপতিগৰাকীৰ নাম ঘোষণা হোৱালৈ কিছুদিন লাগিব। নির্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনা দুয়োগৰাকী পেঞ্চিলভেনিয়া আৰু মিচিগানত নিৰ্বাচনী প্ৰচাৰত অধিক জোৰ দিয়া দেখা গৈছে। কমলাহেৰিছে পেঞ্চিলভেনিয়াৰ এলেনটাউন, পিটছবাৰ্গ আৰু ফিলাডেলফিয়াত প্ৰচাৰ অভিযানৰ বাবে সাজু হোৱাৰ বিপৰীতে ডোনাল্ড ট্রাম্পে পেঞ্চিলৱেনিয়া আৰু মিচিগানৰ পূৰ্বে উত্তৰ কেৰোলিনাত প্ৰচাৰ চলাব। ইতিমধ্যে বহুতো লোকে পোষ্টেল ভোটদান ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ ভোটদান কৰিছে। ফ্লৰিডা বিশ্ববিদ্যালয়ৰ ইলেকচন লেবে প্ৰকাশ কৰা অনুসৰি ৭ কোটি ৮০ লাখ লোকে ইতিমধ্যে ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে। ২০২০ চনত দেশখনত ৰাষ্ট্ৰপতি নিৰ্বাচনত ১৬ কোটি লোকে ভোটদান কৰিছিল৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।