ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কলিয়াবৰৰ হাতীমূৰাৰ ক’ফাৰ বান্ধৰ কাম এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ’বঃ মন্ত্ৰী কেশৱ মহন্ত

কলিয়াবৰৰ হাতীমূৰাৰ ক’ফাৰ বান্ধৰ কাম এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে। হাতীমূৰাৰ ভগ্ন মথাউৰিৰ স্থান পৰিদৰ্শন কৰি কালি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে।

Image

শ্ৰী মহন্তই কয় যে, হাতীমূৰাৰ ক’ফাৰ বান্ধব কাম ইতিমধ্যে ৫০ শতাংশ সম্পূৰ্ণ হৈছে যদিও এতিয়াও ব্ৰহ্মপুত্ৰৰ পানী কম পৰিমাণে কলঙলৈ বৈ আছে। প্রকৃতিয়ে কোনো বাধা নিদিলে এসপ্তাহৰ ভিতৰত হাতীমূবাৰ ব্ৰহ্মপুত্ৰ সংলগ্ন ক’ফাৰ বান্ধব মুখ বন্ধ কৰিবলৈ জনসম্পদ বিভাগ সমৰ্থ হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে।

Image

উল্লেখযোগ্য যে যোৱা ২ জুলাইত হাতীমূৰাৰ কলং মুখৰ শুইছ গেটৰ সংলগ্ন মথাউৰি ব্ৰহ্মপুত্ৰৰ বানে উটুৱাই নিয়াৰ পিছত নগাঁও জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছিল।

Image

ইয়াৰ পাছৰে পৰা ৰাজ্যৰ জলসম্পদ বিভাগে এই ভগা অংশ বন্ধ কৰিবলৈ দিনে- নিশাই কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।