কয়লা নিলামৰ জৰিয়তে যোৱা বছৰৰ পৰা এইবছৰলৈ কিমান ৰাজহ সংগ্ৰহ হৈছে শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম খনিজ উন্নয়ন নিগমক নির্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত কয়লা খননৰ নিলামৰ জৰিয়তে যোৱা বছৰৰ পৰা এইবছৰলৈ কিমান টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে সেই বিষয়ে সবিশেষ জনাই এখন শপতনামা দাখিল কৰিবলৈ অসম খনিজ উন্নয়ন নিগমক নির্দেশ দিছে। ডিমা হাচাও উমৰাংছ’ৰ অবৈধ কয়লাখনিত ৯ জন লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত বিচাৰাধীন হৈ থকা ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল যোথানথুমা আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। বিচাৰপীঠখনে ৰাজ্যৰ কয়লা খননত অনুমতি দিয়াৰ নামত আৰু কয়লা খননৰ নামত ৰাজহ সংগ্ৰহৰ সবিশেষ তথ্য দাখিল কৰিবলৈ ভূতত্ব আৰু খনি সঞ্চালকালয়কো নিৰ্দেশ দিয়ে। ন্যায়ালয়ে ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন অহা ১৮ ডিচেম্বৰ ধাৰ্য কৰিছে।