কমনৱেল্থ ভাৰোত্তোলনত ল’ৰাৰ যুৱ শাখাৰ ৫৬ কিলোগ্রামত অসমৰ ধৰ্মজ্যোতি দেওঘৰীয়া অৱতীৰ্ণ হ’ব

■ আহমেদাবাদত অনুষ্ঠিত কমনৱেল্থ ভাৰোত্তোলন প্রতিযোগিতাত আজি ল’ৰাৰ যুৱ শাখাৰ ৫৬ কিলোগ্রাম শাখাত অসমৰ ধৰ্মজ্যোতি দেওঘৰীয়া অৱতীৰ্ণ হ’ব। কালি আৰম্ভ হোৱা প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ ৫ গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে অংশ লৈছে। প্রতিযোগিতাৰ ৫৮ কিলোগ্রাম শাখাত ভাবনা গগৈ, ৭১ কিলোগ্রাম শাখাত হেমন্ত দৈমাৰী আৰু অভিনৱ গগৈ আৰু ৭৯ কিলোগ্রাম শাখাত বেদৱত ভৰালীয়ে অংশগ্ৰহণ কৰিছে। অসম ভাৰোত্তোলন সন্থাৰ সভাপতি তথা কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিযোগী কেইগৰাকীলৈ শুভেচ্ছা জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।