ডাউনলোড
মোবাইল এপ

android apple
signal

কপাহৰ উৎপাদনৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে চৰকাৰে শীঘ্ৰেই উপায় উদ্ভাৱন কৰিবঃ শিৱৰাজ সিং চৌহান

চৰকাৰে কপাহৰ উৎপাদনৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে শীঘ্ৰেই উপায় উদ্ভাৱন কৰিব। কেন্দ্ৰীয় কৃষি আৰু কৃষক দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি এই কথা প্ৰকাশ কৰে। কইম্বাট’ৰত অৱস্থিত ভাৰতীয় কৃষি গৱেষণা পৰিষদ আইকাৰৰ গৱেষণা কেন্দ্ৰ পৰিদৰ্শন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, যে কপাহৰ গছত দেখা বিভিন্ন ৰোগ চিনাক্ত কৰি ইয়াক নিৰাময় কৰাকে ধৰি কপাহৰ উৎপাদনকাৰী তথা সামগ্ৰিকভাৱে কৃষি উদ্যোগ সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বাবে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কৃষিৰ সৈতে জড়িত প্ৰতিটো বিষয়ত চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে, এনেধৰণৰ সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰে প্ৰয়োজনীয় গৱেষণাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে।