কংগ্ৰেছে একমাত্র নির্বাচনী লাভালাভৰ বাবে ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিতকৰণ আইনত মহাত্মা গান্ধীৰ নাম অন্তৰ্ভুক্ত কৰিছিল বুলি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে অভিযোগ উত্থাপন কৰিছে। ভূপালত কালি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত শ্রীচৌহানে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিতকৰণ আইন (এম জি এনৰেগা) দুৰ্নীতিৰ আন এটা নাম হৈ পৰিছিল। তেওঁ কয় যে কংগ্ৰেছ দলে বাৰে বাৰে এম জি এনৰেগাৰ বাজেট হ্রাস কৰিছিল। তেওঁ লগতে বিৰোধী দলটোৱে নিৰ্বাচনী মুনাফাৰ বাবে মহাত্মা গান্ধীৰ নাম ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ তোলে। মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰমিকসকলে যাতে পর্যাপ্ত কাম লাভ কৰে সেয়া নিশ্চিত কৰাৰ বাবে ১ লাখ ৫১ হাজাৰ কোটিৰো অধিক টকা আৱণ্টন কৰা হৈছে। তেওঁ কয় যে ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে গাঁৱসমূহৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে আৰু গ্ৰামীণ এলেকাত গাঁওপঞ্চায়তৰ জৰিয়তেই উন্নয়নমূলক সকলো কাম পৰিচালিত কৰা হ’ব। ইউপিএ চৰকাৰে এম জি এনৰেগাৰ অধীনত মাত্র ২ লাখ ১৩ হাজাৰ কোটি টকা ব্যয় কৰাৰ বিপৰীতে নৰেন্দ্ৰ মোদী চৰকাৰে ৮ লাখ ৫৩ হাজাৰ কোটি টকা ব্যয় কৰা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীচৌহানে কয় যে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ আৰু জীৱিকা নিশ্চিতকৰণ অভিযান জি ৰাম জী আঁচনিৰ অধীনত সিদ্ধান্তসমূহ দিল্লীত নহয় বৰং গাঁও পৰ্যায়ত গ্রহণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । তেওঁ কয় যে গাঁও পঞ্চায়ত সমূহে একেলগে বহি তেওঁলোকৰ উন্নয়নৰ পৰিকল্পনা প্রস্তুত কৰিব। আঁচনিখনৰ অধীনত নিশ্চিত কৰ্মদিন ১০০ ৰ পৰা ১২৫ দিনলৈ বৃদ্ধি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে নতুন আইনখনত নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম প্ৰদান নকৰিলে নিবনুৱা ভাট্টা প্ৰদানৰো ব্যৱস্থা আছে। মন্ত্ৰীগৰাকীয়ে কয় যে নতুন আইনখনৰ অধীনত স্বচ্ছ আৰু সময় নিৰ্ধাৰিত ধনাদায়, সম্পত্তিৰ সৃষ্টি আৰু জীৱিকাৰ সৈতে জড়িত কাৰ্যৰ মাধ্যমেৰে নিৰন্তৰ আয় সুনিশ্চিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
Site Admin | December 28, 2025 10:16 AM | Rural Development Minister Shivraj Singh Chouhan
কংগ্ৰেছে একমাত্র নির্বাচনী লাভালাভৰ বাবে এম জি এনৰেগাত মহাত্মা গান্ধীৰ নাম অন্তৰ্ভুক্ত কৰিছিল বুলি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অভিযোগ