December 28, 2025 10:16 AM

views 21

কংগ্ৰেছে একমাত্র নির্বাচনী লাভালাভৰ বাবে এম জি এনৰেগাত মহাত্মা গান্ধীৰ নাম অন্তৰ্ভুক্ত কৰিছিল বুলি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অভিযোগ

কংগ্ৰেছে একমাত্র নির্বাচনী লাভালাভৰ বাবে ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিতকৰণ আইনত মহাত্মা গান্ধীৰ নাম অন্তৰ্ভুক্ত কৰিছিল বুলি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে অভিযোগ উত্থাপন কৰিছে। ভূপালত কালি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত শ্রীচৌহানে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিতকৰণ আইন (এম জি এনৰেগা) দুৰ্নীতিৰ আন এটা নাম হৈ পৰিছিল। তেওঁ কয় যে কংগ্ৰেছ দলে বাৰে বাৰে এম জি এনৰেগাৰ বাজেট হ্রাস কৰিছিল। তেওঁ লগতে বিৰোধী দলটোৱে নিৰ্বাচনী মুনাফাৰ বাবে মহাত্মা গান্ধীৰ নাম ...