ওমানত আমেৰিকা আৰু ইৰাণৰ মাজত পাৰমাণৱিক শক্তি সম্পর্কীয় নতুন আলোচনা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ভ্ৰমণৰ ঠিক পূৰ্বেই আজি ওমানত আমেৰিকা আৰু ইৰাণৰ মাজত পাৰমাণৱিক শক্তি সম্পর্কীয় এলানি নতুন আলোচনা অনুষ্ঠিত হ’ব। আমেৰিকা-ইৰাণৰ উত্তেজনা অব্যাহত থকা আৰু ট্রাম্প প্ৰশাসনৰ ইৰাণ নীতিক লৈ ৱাশ্বিংটনৰ আভ্যন্তৰীণ বিভাজনৰ সময়ত আয়োজিত এই আলোচনাৰ ফলাফলক লৈ অনিশ্বয়তাৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে ৩ মে’ত ৰোমত অনুষ্ঠিত হ’বলগীয়া চতুর্থ লানি আলোচনা পিছুৱাই দিয়া হৈছিল। ইৰাণৰ বৈদেশিক মন্ত্রী আব্বাছ আৰাঘচিয়ে কয় যে মধ্যস্থতাকাৰী ওমানে আজি আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু দুয়োপক্ষ সন্মত হৈছে। উল্লেখযোগ্য যে, ট্রাম্পে দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো বৃহৎ মধ্যপ্রাচ্য ভ্ৰমণৰ বাবে ১৩ মে’ৰ পৰা ১৬ মে’লৈ চৌদি আৰব, কাটাৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহী ভ্ৰমণ কৰিব ৰিয়াদত তেওঁ উপসাগৰীয় সহযোগিতা পৰিষদৰ নেতাসকলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।