ওদালগুৰিত ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পর্যালোচনা বৈঠকত

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি ওদালগুৰি জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক গোবিন্দ বসুমতাৰী, জিলা আয়ুক্ত পুলক পাটগিৰিকে ধৰি কেইবাগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। শ্রীদাসে জিলাখনৰ বাবে আৱণ্টিত হোৱা ৯২ হাজাৰ গৃহৰ বাকী থকা গৃহ নিৰ্মাণৰ কামসমূহ ১৪ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে এখন জিলা, এবিধ সামগ্ৰীৰ অধীনত মহিলাসকলৰ দ্বাৰা উৎপাদিত বিভিন্ন এৰী কাপোৰৰ বিশেষ ব্ৰেণ্ড সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে৷ জিলাখনত অনাগত সময়ত এক লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ বাবে পৰিকল্পনা লোৱা হৈছে বুলিও মন্ত্ৰী শ্ৰীদাসে সদৰি কৰে।