ঐতিহাসিক আউনীআটী সত্ৰত ৩৭২ বছৰীয়া পৰম্পৰা অটুট ৰাখি কাইলৈৰ পৰা পাল-নাম মহোৎসৱ অনুষ্ঠিত হ’ব

মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত ৩৭২ বছৰীয়া পৰম্পৰা অটুট ৰাখি কাইলৈৰ পৰা পাল-নাম মহোৎসৱ অনুষ্ঠিত হ’ব। মহোৎসৱলৈ অহা ভকত-বৈষ্ণৱক আদৰিবলৈ সত্ৰখন সাজু হৈ উঠিছে। সত্ৰখনৰ নামঘৰৰ লগতে বৈষ্ণৱসকলৰ বহা আটকধুনীয়াকৈ সজাই তোলা হৈছে। এই মহোৎসৱৰ বাবে মাজুলীলৈ দেশী-বিদেশী পৰ্যটকৰ আগমন হ’ব বুলি আশা কৰা হৈছে।