ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰতিবছৰৰ দৰে এইবাৰো ১০ ডিচেম্বৰত ৰাজ্যজুৰি ছহিদ দিৱস পালন কৰা হ’ব। এই উপলক্ষে গুৱাহাটীৰ বৰাগাওঁৰ নৱনিৰ্মিত ছহিদ স্মাৰক ক্ষেত্ৰত কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেইদিনা গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ ছহিদসকলৰ স্মৃতিত নিৰ্মাণ কৰা ছহিদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব। এই অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি পূর্ণগতিত অব্যাহত ৰাখিছে। মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ৰূপেশ গোৱালাই আজি স্মাৰক ক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। ছহিদ দিৱসৰ কাৰ্যসূচীত অংশ লোৱা ৰাইজৰ যাতায়াত, স্বাস্থ্যসেৱা লগতে অন্যান্য অত্যাৱশ্যকীয় সুবিধাসমূহৰ সঠিক ব্যৱস্থা নিশ্চিত কৰিবলৈ তেওঁলোকে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। জিলা আৰু সম জিলা মুখ্য কার্যালয়সমূহতো সকলো স্তৰৰ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণেৰে ছহিদ দিৱস পালন কৰা হ’ব বুলি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰে।
Site Admin | December 6, 2025 8:32 PM | Akashvani | Akashvani News | Assam Movement | Swahid Divas
ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ১০ ডিচেম্বৰত ৰাজ্যজুৰি ছহিদ দিৱস পালন কৰা হ’ব