এফ আই ডি ই মহিলাৰ গ্ৰাঁ ছুইচ, ২০২৫-ৰ খিতাপ লাভ কৰা বৈশালী ৰমেশ বাবুক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বৈশালী ৰমেশ বাবুৰ ধৈৰ্য্য আৰু নিষ্ঠা সকলোৰে বাবে অনুকৰণীয়। শ্ৰী মোদীয়ে ভৱিষ্যতে অধিক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত শ্ৰীমতী ৰমেশ বাবুক শুভেচ্ছা জনায়।
গৃহমন্ত্রী অমিত শ্বাহে কয়, যে শ্ৰীমতী ৰমেশ বাবুৰ সাফল্য হৈছে – বিশ্বৰ দবাৰ ক্ষেত্ৰখনত ভাৰতৰ ক্ৰমৱৰ্ধমান প্ৰভাৱৰ উপযুক্ত নিদর্শন। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৈশালী ৰমেশ বাবুৰ সাফল্যক দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে। সামাজিক মাধ্যমত শ্ৰী সিঙে কয়, যে খেলুৱৈগৰাকীৰ বিজয়ে তেওঁৰ প্ৰতিভাক প্ৰকৃতাৰ্থতে প্রতিফলিত কৰিছে।