তামিলনাডুৰ মাদুৰাই আন্তঃৰাষ্ট্ৰীয় হকী ষ্টেডিয়ামত অনুষ্ঠিত এফ আই এইচ জুনিয়ৰ হকী বিশ্বকাপত পুৰুষৰ এখন খেলত ভাৰতে ছুইজাৰলেণ্ডক ৫-০ গ’লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আয়োজক দল ভাৰতে এই পর্যন্ত তিনিখন খেলৰ পৰা ৯ পইণ্ট লাভ কৰি পুল বিৰ শীৰ্ষত থাকে। ৰোহিত নেতৃত্বাধীন ভাৰতে শুকুৰবাৰে চেন্নাইত বেলজিয়ামৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হব। ভাৰতে জুনিয়ৰ হকী বিশ্বকাপত দুবাৰকৈ জয়লাভ কৰিছে।
ইফালে, প্রতিযোগীতাত মহিলাৰ শাখাত আজি চিলিৰ ছান্টিয়াগোত হ’বলগীয়া দ্বিতীয়খন নক আউট খেলত ভাৰতে জাৰ্মানীৰ বিৰুদ্ধে অৱতীৰ্ণ হব। ইয়াৰ পূৰ্বে সোমবাৰে ভাৰতে নামিবিয়াৰ বিৰুদ্ধে ১৩-০ গলত জয়লাভ কৰি নিজৰ অভিযান আৰম্ভ কৰিছিল। বর্তমান ভাৰত পুল চি-ৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে। ইফালে সোমবাৰে জাৰ্মানীয়ে প্ৰথমখন পুল মেচত আয়াৰলেণ্ডৰ বিৰুদ্ধে ৭-১ গ’লত জয়লাভ কৰে।