May 19, 2025 12:15 PM | NCC Everest

printer

এনচিচিৰ অভিযান দলৰ মাউন্ট এভাৰেষ্ট সফলতাৰে আৰোহণ

ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী এনচিচিৰ এটা অভিযান দলে মাউন্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে। দলটোত ১০ গৰাকী এন চি চি কেডেটৰ লগতে চাৰিজন বিষয়া, দুগৰাকী কনিষ্ঠ বিষয়া, এগৰাকী মহিলা কেডেট প্ৰশিক্ষক আৰু ১০ গৰাকী অনা অন্তৰ্ভুক্ত বিষয়া আছিল। এই দহজন কেডেটৰ ভিতৰত পাঁচজন ল’ৰা আৰু পাঁচগৰাকী ছোৱালী। যোৱা ৩ এপ্ৰিলত নতুন দিল্লীৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই অভিযান পতাকা জোকাৰি শুভাৰম্ভ কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, নির্বাচিত কেডেটসকল কম বয়সীয়া আৰু তেওঁলোকক দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত কৰা হৈছিল। তেওঁলোকে কঠোৰ বাছনি আৰু প্ৰশিক্ষণ প্রক্রিয়াত অংশগ্রহণ কৰিছিল। নেপালৰ শ্বেৰপা সকলে এন চি চিৰ দলটোক শাৰীৰিক প্ৰস্তুতি আৰু মনোবলৰ বাবে প্ৰশংসা কৰিছে। প্ৰত্যাহ্বানমূলক বতৰ আৰু ভূখণ্ডৰ সন্মুখীন হোৱাৰ পিছতো কেডেটসকলে বিশ্বৰ সৰ্বোচ্চ শৃংগটোৰ ওপৰত সফলতাৰে জাতীয় পতাকা আৰু এনচিচিৰ পতাকা উৰুয়ায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।