ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

এছিয়া কাপ টি-২০ ক্রিকেটৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া দল আজি চূড়ান্ত হ’ব

এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া দল আজি চূড়ান্ত হ’ব। প্রতিযোগিতাত আজি নিশা ৮ বজাত ছুপাৰ ফ’ৰ পৰ্যায়ৰ এখন খেলত বাংলাদেশ পাকিস্তানৰ মুখামুখি হ’ব। খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ভাৰতে যোৱা নিশা ছুপাৰ ফ’ৰ পৰ্যায়ৰ নিজৰ দ্বিতীয়খন খেলত বাংলাদেশক ৪১ ৰাণত পৰাস্ত কৰে৷