এছিয়া কাপ টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত আজি ভাৰত ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ

এছিয়া কাপ টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত আজি ভাৰত ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত হ’বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ’ব।

যোৱা নিশা আবুধাবিত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত শ্রীলংকাই আফগানিস্তানক ৬ উইকেটত পৰাস্ত কৰি ছুপাৰ ফ’ৰ পৰ্যায়ত প্ৰৱেশ কৰে। এই জয়ৰ সুবাদত শ্ৰীলংকাৰ গ্ৰুপ বিৰ পইণ্ট তালিকাত শীর্ষ স্থান দখল কৰে। গ্ৰুপটোত অন্তর্ভুক্ত বাংলাদেশেও তিনিখন খেলৰ দুখনত জয়লাভ কৰি প্ৰতিযোগিতাৰ পৰৱৰ্তী পৰ্যায়ৰ স্থান নিশ্চিত কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।