ডাউনলোড
মোবাইল এপ

android apple
signal

September 20, 2025 1:00 PM | Asia Cup

printer

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ হাতত ওমান ২১ ৰাণত পৰাজিত

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা আবু ধাবিৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ- এৰ অন্তিমখন খেলত ভাৰতে ওমানক ২১ ৰানত পৰাজিত কৰে। ওমানে ১৮৯ ৰানৰ বিজয় লক্ষ্যৰে খেলা আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ১৬৭ ৰান কৰে। হার্ডিক পাণ্ডিয়া, অর্শ্বদ্বীপ সিং, হৰ্ষিত ৰাণা আৰু কুলদীপ যাদৱে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ৮ উইকেটৰ বিনিময়ত ১৮৮ ৰান কৰে। দলৰ হৈ সঞ্জু ছেমছনে ৫৬ আৰু অভিষেক শৰ্মাই ৩৮ ৰানৰ বৰঙণি আগবঢ়ায়। সঞ্জু ছেমছনক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়। আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ’বলগীয়া ছুপাৰ-ফ’ৰ পৰ্যায়ৰ প্ৰথমখন খেলত শ্রীলংকা আৰু বাংলাদেশ মুখামুখি হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ’ব। ভাৰতে ইতিমধ্যে ছুপাৰ-ফ’ৰ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিছে। অহা দেওবাৰে ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।