এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ আজি হ’বলগীয়া খেলত ভাৰত বাংলাদেশৰ মুখামুখি হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত ডুবাই ক্রিকেট ষ্টেডিয়ামত খেলোৱা হ’ব।
ইপিনে, প্রতিযোগিতাত যোৱানিশা আবু ধাবিৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ ফ’ৰ পৰ্যায়ৰ এখন খেলত পাকিস্তানে শ্রীলংকাক ৫ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি শ্ৰীলংকাই নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৩৩ ৰান কৰে। প্ৰত্যুত্তৰত পাকিস্তানে ১৮ অভাৰত ৫টা উইকেটৰ বিনিময়ত বিজয় লক্ষ্য অতিক্ৰম কৰে। পাকিস্তানৰ হুছেইন তালাক প্লেয়াৰ অব্ দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। এই জয়ৰে পাকিস্তানে ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা জীয়াই তুলিলে। ছুপাৰ ফ’ৰ পৰ্যায়ৰ প্ৰথমখন খেলত ভাৰতে পাকিস্তানক পৰাস্ত কৰিছে।
Site Admin | September 24, 2025 1:05 PM | Asia Cup 2025
এছিয়া কাপৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ আজিৰ খেলত ভাৰত বাংলাদেশৰ মুখামুখি
