ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচনৰ সৈতে জড়িত দুখন বিধেয়ক সন্দৰ্ভত নতুন দিল্লীত যুটীয়া সংসদীয় সমিতিৰ প্রথমখন বৈঠক অনুষ্ঠিত

এখন ৰাষ্ট্ৰ এটা নিৰ্বাচনৰ সৈতে জড়িত দুখন বিধেয়ক সন্দৰ্ভত আজি নতুন দিল্লীত যুটীয়া সংসদীয় সমিতিৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়। এই বিধেয়ক দুখন হৈছে-১২৯ সংখ্যক সংবিধান সংশোধনী বিধেয়ক ২০২৪ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক ২০২৪। বৈঠকত আইন আৰু ন্যায় মন্ত্ৰালয়ৰ বিধায়িনী বিভাগৰ প্রতিনিধিসকলে সদস্যসকলে প্ৰস্তাৱিত বিধেয়ক দুখনৰ বিভিন্ন দিশসমূহৰ বিষয়ে অৱগত কৰে। বৈঠকৰ পূৰ্বে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ বিজেপিৰ সাংসদ পি পি চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে এই সমিতিয়ে আইন বিশেষজ্ঞ, ন্যায়পালিকা বা নাগৰিক সমাজৰ সদস্য, ৰাজনৈতিক দল নিৰ্বিশেষে সকলো অংশীদাৰৰ মতামত গ্রহণ কৰিব। এই সকলো সদস্যৰ মতামত লাভ কৰাৰ পাছতহে সমিতিয়ে পৰৱৰ্তী সিদ্ধান্তৰ বাবে আগবাঢ়িব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে, ৩৯ জনীয়া এই যুটীয়া সংসদীয় সমিতিত লোকসভাৰ ২৭ জন সদস্য আৰু ৰাজ্যসভাৰ ১২ জন সদস্য আছে। সমিতিয়ে পৰৱৰ্তী সংসদ অধিবেশনৰ শেষৰটো সপ্তাহৰ প্ৰথম দিনটোত ইয়াৰ তথ্যসমূহ দাখিল কৰিব।