ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক ২ খন বিস্তৃত আলোচনাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণৰ সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক দুখন বিস্তৃত আলোচনাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি লোকসভাত কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব লাগে বুলি পৰামৰ্শ দিয়াৰ লগতে ইয়াৰ প্ৰতিটো দফা সন্দৰ্ভত বিতং আলোচনাৰ পোষকতা কৰিছিল। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে দেশত একেলগে নির্বাচন অনুষ্ঠিত কৰিবলৈ সংবিধানৰ এশ উনত্রিশ ন ম্বৰ সংশোধনী বিধেয়ক, ২০২৪ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক, ২০২৪ উত্থাপন কৰাৰ সময়ত শাসক বিৰোধীৰ বা ক-বিতণ্ডাৰ মাজতে গৃহমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। সংসদৰ নিম্ন সদনত বিধেয়কদুখন উত্থাপন কৰাৰ সময়ত আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে কয় যে চৰকাৰে এখন দেশ এটা নির্বাচন সম্পৰ্কীয় বিধেয়কখন বিস্তৃত আলোচনাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিবলৈ সাজু হৈছে। উল্লেখযোগ যে, কোনো নিৰ্দিষ্ট বিষয় বা বিধেয়কৰ পুংখানুপুংখ পৰীক্ষা কৰিবলৈ সংসদে গঠন কৰি দিয়া এই যুটীয়া সংসদীয় সমিতিত দুয়োখন সদনৰ শাসক আৰু বিৰোধী দলৰ সদস্যৰে গঠিত হয়।