ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

এইডছ আই ভি আক্রান্ত লোকসকলৰ প্ৰতি সহমর্মিতা প্ৰদৰ্শন কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্রকাশ নাড্ডাৰ আহ্বান

এইডছ আই ভি আক্রান্ত লোকসকলৰ প্ৰতি সহমর্মিতা প্ৰদৰ্শন কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্রকাশ নাড্ডাই আজি মধ্যপ্রদেশত আয়োজিত বিশ্ব এইডছ দিৱসৰ অনুষ্ঠানত আহ্বান জনায়। ইন্দোৰত আয়োজিত এই অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইডছ আই ভি আক্রান্ত লোকসকলৰ মানৱ অধিকাৰৰ সুৰক্ষা প্ৰদান কৰা বিষয়তে গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে এইডছ আই ভি সুৰক্ষা আইন ২০১৭ ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে এই লোকসকলৰ সৈতে হোৱা বৈষম্য দূৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে এইডছ আই ভি পৰীক্ষা তথা চিকিৎসাৰ বাবে কাৰ্যকৰী পদক্ষেপ লোৱাৰ পাছত দেশত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ ৭৯ শতাংশ হ্রাস হোৱা বুলিও শ্রীনাড্ডাই জানিবলৈ দিয়ে। তদুপৰি দেশত নতুনকৈ এই ৰোগত সংক্রমিত লোকৰ সংখ্যাও ৪৪ শতাংশ হ্রাস হোৱা বুলি তেওঁ প্ৰকাশ কৰে। ভাৰতত এই ৰোগৰ ফলপ্রসূ তথা কম ব্যয়বহুল ঔষধ প্ৰস্তুত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, যে দেশত সম্প্ৰতি এইডছ আই ভি আক্রান্ত ১৭ লাখ ৩০ হাজাৰ লোকৰ ভিতৰত ৯৫ শতাংশ ৰোগীৰ চিকিৎসা চলি আছে। ২০৩০ চনৰ পূৰ্বে ভাৰত এই ৰোগৰ পৰা মুক্ত হ’ব বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ।