ডাউনলোড
মোবাইল এপ

android apple
signal

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিক পুনৰ সেউজ কৰি তোলাৰ লক্ষ্যৰে গছপুলি ৰোপণ

গোলাঘাট জিলাৰ উৰিয়ামঘাটত স্বাধীনতা দিৱসৰ পাছত পুনৰ উচ্ছেদ চলোৱা হব। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিক পুনৰ সেউজ কৰি তোলাৰ লক্ষ্যৰে কালিৰে পৰা গছপুলি ৰোপণ কৰা হৈছে। এই কাৰ্যসূচী ৰূপায়নৰ পাছত ৰাজ্যৰ বিশেষ মুখ্য সচিব এম কে যাদৱে পৰিস্থিতিৰ পৰ্যালোচনা কৰি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্রধান মুখ্য বন সংৰক্ষক গৰাকীয়ে কালি এই বিষয়ে প্রকাশ কৰে।

বনানিকৰণৰ জৰিয়তে বনাঞ্চলৰ ভূমি ৰক্ষা কৰাৰ উদ্দেশ্যে আয়োজন কৰা বনানিকৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে সকলোকে আহ্বান জনাইছে। উল্লেখযোগ্য যে যোৱা ৩০ জুলাইৰ পৰা চলি থকা এই উচ্ছেদ অভিযানত অঞ্চলটোৰ ১০ হাজাৰ বিঘাৰো অধিক ভূমি দখলমুক্ত কৰা হৈছিল। সোণাৰি বিলত আৰম্ভ কৰা এই গছপুলি ৰোপণ অভিযান অন্যান্য উচ্ছেদিত ভূমিলৈ সম্প্ৰসাৰণ কৰা হ’ব বুলি বন বিভাগে প্ৰকাশ কৰিছে। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বিশেষ মুখ্য সচিব এম কে যাদৱ, জিলাখনৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু বন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বিশেষ মুখ্য সচিব শ্রী যাদৱে এই অনুষ্ঠানত কয়, যে এই পুনৰুদ্ধাৰ কৰা ভূমিত ২৩ ছেপ্টেম্বৰ পৰ্যন্ত গছপুলি ৰোপণ চলি থাকিব। গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্তই এই কাৰ্যসূচীক উৰিয়ামঘাটৰ বাবে নতুন আৰম্ভণি বুলি অভিহিত কৰি অহা ৫ বছৰৰ ভিতৰত অঞ্চলটো পৰ্যটনৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত হ’ব বুলিও আশা প্রকাশ কৰে।