August 10, 2025 12:21 PM

views 11

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিক পুনৰ সেউজ কৰি তোলাৰ লক্ষ্যৰে গছপুলি ৰোপণ

গোলাঘাট জিলাৰ উৰিয়ামঘাটত স্বাধীনতা দিৱসৰ পাছত পুনৰ উচ্ছেদ চলোৱা হব। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিক পুনৰ সেউজ কৰি তোলাৰ লক্ষ্যৰে কালিৰে পৰা গছপুলি ৰোপণ কৰা হৈছে। এই কাৰ্যসূচী ৰূপায়নৰ পাছত ৰাজ্যৰ বিশেষ মুখ্য সচিব এম কে যাদৱে পৰিস্থিতিৰ পৰ্যালোচনা কৰি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্রধান মুখ্য বন সংৰক্ষক গৰাকীয়ে কালি এই বিষয়ে প্রকাশ কৰে। বনানিকৰণৰ জৰিয়তে বনাঞ্চলৰ ভূমি ৰক্ষা কৰাৰ উদ্দেশ্যে আয়োজন কৰা বনানিকৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে সকলোকে আহ্বান জনাইছে। উল্ল...

July 29, 2025 10:18 AM

views 10

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আৰক্ষী, চি আৰ পি এফ আৰু বন বিভাগৰ উচ্ছেদ অভিযান আৰম্ভ

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি পুৱা আৰক্ষী, চি আৰ পি এফ আৰু বন বিভাগে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। কেইবাটাও পৰ্যায়ত হ'বলগীয়া এই উচ্ছেদ অভিযানত ২,৬০০ৰো অধিক পৰিয়ালক উচ্ছেদ কৰাৰ লগতে প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। প্রশাসনে অঞ্চলটোত উচ্ছেদৰ বাবে শ-শ এক্সকেভেটৰ ব্যৱহাৰ কৰিছে। উল্লেখযোগ্য যে বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে। উল্লেখযোগ্য যে উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰী বিল, মধুপুৰ, ...